Ximanto Atikromi ! Kookyeong-eul Neomeo!

Musings on Migration, Labour, Politics, Dissent etc.

বিবৃতি : পদ্ধতিগত পাগলামি আৰু অসমৰ আদৰ্শ বিদ্যালয় কাণ্ড

– দিল্লী একচন কমিটি ফ’ৰ অসম

অসম চৰকাৰৰ শিক্ষা বিভাগে মাতৃভাষা মাধ্যমত শিক্ষাগ্ৰহণ কৰা প্ৰাৰ্থীয়ে যাতে অসমৰ আদৰ্শ বিদ্যালয়সমূহত স্নাতক শিক্ষকৰ নিযুক্তিৰ কাৰণে অনুষ্ঠিত কৰিবলৈ লোৱা বিশেষ TETত অৱতীৰ্ণ হ’ব নোৱাৰে তাৰ কাৰণে শেহতীয়াকৈ এখন অসাংবিধানিক আৰু পক্ষপাতদুষ্ট অধিসূচনা জাৰি কৰিছে। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে ৭/৬/২০১৭ তাৰিখে প্ৰকাশ কৰা No. RMSA/Special TET/842/2017/2 বিজ্ঞাপনটোত উল্লেখ কৰা হৈছে যে আদৰ্শ বিদ্যালয়সমূহ CBSEৰ সৈতে জড়িত ইংৰাজী মাধ্যমৰ হোৱাৰ কাৰণে উপৰোক্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ প্ৰাৰ্থীসকল ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। এই প্ৰসংগটো ব্যাখ্যা কৰিবলৈ গৈ ৰাজ্যৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত কৈছে যে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়াব পৰাকৈ অসমীয়া বা আন মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰাসকলৰ আৱশ্যকীয় অৰ্হতা নাই। মাতৃভাষা মাধ্যমত শিক্ষাগ্ৰহণ কৰাসকলৰ যোগ্যতাক শ্ৰী শৰ্মাই কেৱল প্ৰশ্ন কৰা আৰু উপহাস কৰাই নহয়, তেওঁ সমগ্ৰ মাতৃভাষা মাধ্যমৰ শিক্ষা ব্যৱস্থাটোকে নস্যাৎ কৰিছে।

শিক্ষা মন্ত্ৰীগৰাকীৰ এই যুক্তিৰ কোনো আধাৰ নাই, যিহেতু TETৰ প্রশ্নকাকতত ইংৰাজী ভাষাৰ দক্ষতা পৰীক্ষণ কৰিব পৰাকৈ এটা সুনিৰ্দিষ্ট অংশ থাকে যি প্রার্থীৰ ইংৰাজী জ্ঞান পৰীক্ষণ তথা সুনিশ্চিতকৰণ কৰে। যদি শিক্ষা বিভাগে অনুভৱ কৰে যে TETৰ বৰ্তমানৰ গাঁথনিটো প্রাৰ্থীৰ ভাষাজ্ঞান পৰীক্ষণ কৰি পৰাকৈ যথেষ্ট নহয়, তেন্তে পোনেই মাতৃভাষা মাধ্যমত শিক্ষাগ্ৰহণ কৰা সকলো প্ৰাৰ্থীকে অযোগ্য ঘোষণা কৰাতকৈ শিক্ষা বিভাগে পৰীক্ষাটোৰ ভাষা বিষয়ক অংশটোৰ অনুপাত বৃদ্ধি কৰিব পাৰিলেহেঁতেন।

শিক্ষা মন্ত্ৰীগৰাকীৰ যুক্তিৰ সূতাডাল কিছু আগলৈ টানি চালে দেখা যাব যে মাতৃভাষা মাধ্যমত শিক্ষাগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকল আজিৰ যুগৰ শ্ৰম-বজাৰখনৰ প্ৰায়বোৰ চাকৰিৰ কাৰণে অযোগ্য বিবেচিত হ’ব, কিয়নো এইবোৰ চাকৰিত অলপ হ’লেও ইংৰাজী ভাষাৰ জ্ঞানৰ দৰকাৰ হয়। তদুপৰি, অসমীয়াই হওক বা বড়োৱেই হওক বা ৰাজ্যখনৰ আন ভাষায়েই হওক, মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ কোনো ছাত্ৰ-ছাত্ৰীয়েই কেতিয়াও দেশৰ কোনো কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলৈ যোগ্য নহ’ব, কিয়নো তাতো ইংৰাজী ভাষাৰ জ্ঞানৰ দৰকাৰ হয়, যিটো (শিক্ষা মন্ত্ৰীগৰাকীৰ মতে) মাতৃভাষা মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ নাই। অসমীয়া, বড়ো বা আন মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে কেতিয়াও সৰ্বভাৰতীয় প্ৰশাসনিক বা আৰক্ষী বিষয়া হ’বলৈও হাবিয়াস কৰিব নোৱাৰিব, কিয়নো তাতো ইংৰাজী ভাষাৰ জ্ঞানৰ দৰকাৰ হয়! মুঠতে অসমীয়া, বড়ো বা আন মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ কোনো ছাত্ৰ-ছাত্ৰীয়েই কেতিয়াও কেন্দ্ৰ চৰকাৰৰ অধীনত সংস্থাপন লাভ কৰিব নোৱাৰে কিয়নো তাতো ইংৰাজী আৰু/বা হিন্দী ভাষাৰ জ্ঞানৰ দৰকাৰ হয়।

এইবোৰ যুক্তি শুনাত হাস্যকৰ যেন লাগিব পাৰে, কিন্তু শিক্ষা মন্ত্ৰীগৰাকীৰ যুক্তিখিনি ফঁহিয়াই চালে এনে এক লজিকেই দেখা পোৱা যাব। ৰাজ্যৰ স্তৰত মাতৃভাষা বা আঞ্চলিক ভাষা আৰু কেন্দ্ৰৰ স্তৰত ইংৰাজী আৰু হিন্দী ভাষা ব্যৱহাৰ কৰাৰ ভাৰত ৰাষ্ট্ৰৰ যি ত্ৰি-ভাষিক নীতি আছে সেয়া শিক্ষা মন্ত্ৰীগৰাকীয়ে এনে যুক্তিৰ জৰিয়তে সম্পূর্ণভাৱে আওকান কৰিছে। এই যে শিক্ষা প্রদানৰ এক গুৰুত্বপূৰ্ণ অংশ ৰাজ্য চৰকাৰৰ আওঁতাত পৰে, তাৰ আঁৰত কেতবোৰ সুচিন্তিত কাৰণ আছে। চমূ কথাত এই কাৰণটো হৈছে – দেশৰ ভাষিক বৈচিত্র সুনিশ্চিত কৰাৰ লগতে ভাষাৰ আধাৰত সৃষ্টি হোৱা বৈষম্য নিৰ্মূল কৰা। লক্ষ্যণীয় যে ভাৰতৰ কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত কৰা অতি মৰ্যাদাপ্ৰাপ্ত চিভিল ছাৰ্ভিচ পৰীক্ষাও পৰীক্ষাৰ্থীয়ে সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত নিজৰ আঞ্চলিক বা মাতৃভাষাত দিব পাৰে। কিন্তু অসম চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰা অধিসূচনাখনে এই সাংবিধানিক অধিকাৰবোৰক ভংগ তথা অস্বীকাৰ কৰিছে।

IMG-20170619-WA0002

Protest in Guwahti organised by Krishak Mukti Samgram samiti on 19th June, 2017

অসম চৰকাৰৰ এনে উদ্ভট নীতিৰ আঁৰত কেতবোৰ ভয়ংকৰ উদ্দেশ্য আছে বুলি বিশ্বাস কৰাৰ থল আছে। ৰাজ্যখনত বিজেপি দলটো ক্ষমতালৈ অহাৰে পৰা স্থানীয় মাতৃভাষা মাধ্যমৰ বিদ্যালয়বোৰক প্ৰণালীবদ্ধভাৱে অৱজ্ঞা কৰি অহা হৈছে। ভাল ফলাফল দেখুওৱাৰ অজুহাতত আৰ এছ এছৰ সৈতেজড়িত বিদ্যালয়বোৰৰ কাৰণে বৃহৎ মাত্ৰাত চৰকাৰী পুঁজি আবণ্টন কৰা হৈছে, অথচ স্থানীয় মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়বোৰৰ অৱক্ষয় হ’বলৈ এৰি দিয়া হৈছে। আৰ এছ এছৰ সৈতে জড়িত বিদ্যা ভাৰতী বিদ্যালয়বোৰ কাঠফুলাৰ দৰে য’তে-ত’তে গজি উঠিছে আৰু স্থানীয় মাতৃভাষা মাধ্যমৰ বিদ্যালয়বোৰৰ বিপৰীতে এইবোৰ বিদ্যালয়ে স্থানীয় সংস্কৃতিৰ বৈশিষ্ট্যবোৰকো সন্মান নকৰে তথা দেশৰ বৈচিত্র আৰু ধৰ্মনিৰপেক্ষতাৰ নীতিবোৰো মানি নচলে।

অসমৰ বিজেপি চৰকাৰে এই পদক্ষেপৰ জৰিয়তে স্থানীয় মাতৃভাষা মাধ্যমৰ বিদ্যালয়বোৰৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে ৰাজ্য চৰকাৰৰ যিকেইটামান চাকৰি আছে তাৰো দুৱাৰ বন্ধ কৰি এইবোৰ বিদ্যালয় ৰাইজৰ কাৰণে কার্যতঃ অনাকর্ষণীয় কৰি তুলিবলৈ প্ৰয়াস কৰিছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজনীয় যে আৰ এছ এছে নিজৰ হিন্দু আধিপত্যবাদী ভাবাদৰ্শৰ প্ৰসাৰৰ কাৰণে ৰাজ্যখনৰ স্থানীয় মাতৃভাষা মাধ্যমৰ বিদ্যালয়বোৰক আজিও এক বাধা হিচাপে গণ্য কৰে, কিয়নো সিবিলাকৰ পাঠ্যক্ৰমবোৰ গঠিত হৈছিল স্থানীয় জাতিসত্তাবোৰৰ বিভিন্ন পৰিচিতিমূলক সংগ্রামৰ জৰিয়তে; সংঘ পৰিয়ালৰ অখণ্ড ভাৰত আৰু হিন্দুত্বমূলক ভাবাদৰ্শৰ পৰা আজিও সিবিলাক কিছু দূৰৈত অৱস্থিত। কাজেই ভাৰতৰ উপকণ্ঠত অৱস্থিত এই ৰাজ্যখনত হিন্দুত্ব ৰাজনীতিৰ স্থিতি দৃঢ় কৰিবলৈ আৰ এছ এছে অঞ্চলটোৰ জাতিসত্তাৰ প্ৰশ্নটো উলাই কৰি তাৰ ঠাইত ভাৰতৰ মূল ভূখণ্ডৰ গো-কেন্দ্ৰিক ৰাজনীতি জাপি দিবলৈ অহৰ্নিশে চেষ্টা কৰি আছে। অন্ধ আৰু উগ্ৰ দেশপ্ৰেমৰ নামত বুকু ফিন্দাই ‘জাতি, মাটি, ভেটি’ৰ স্বয়ম্ভূ ৰক্ষা-কৰ্তা হোৱাৰ শ্লোগান দি ক্ষমতালৈ অহা চৰকাৰখনে এতিয়া কেইখনমান বিশেষ বিদ্যালয়ত পঢ়ুওৱাৰ কাৰণে অসমীয়াকে ধৰি মাতৃভাষাবোৰক এলাগী কৰি দূৰলৈ ঠেলি দি ৰাইজৰ আগত নিজৰ ভণ্ড স্বৰূপ উদঙাই এইটোৱেই প্ৰমাণ কৰিছে যে বিজেপি চৰকাৰ আচলতে পূৰ্ব-নিৰ্ধাৰিতভাৱেই অসমৰ জাতি, মাটি আৰু ভেটিৰ গোটেই বুনিয়াদটোকে উছন কৰিবলৈহে প্ৰতিশ্রুতিবদ্ধ। বৰ্তমান দেশৰ ফেচিবাদী চৰকাৰে হিন্দুত্ব ৰাজনীতিৰ আধিপত্য প্ৰতিষ্ঠাৰ কাৰণে অসমতো এক সমগোত্ৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। স্থানীয় মাতৃভাষা মাধ্যমৰ বিদ্যালয়বোৰৰ এলাগীকৰণ আৰু তাৰ জৰিয়তে স্থানীয় জাতীয় বৈশিষ্ট্যবোৰৰো বিধ্বংসকৰণ এই প্রক্রিয়াটোৰেই অংশবিশেষ।

অসম বিজেপি চৰকাৰৰ এই অগণতান্ত্ৰিক আৰু বৈষম্যমূলক পদক্ষেপৰ বিৰোধিতা কৰিবলৈ আৰু শিক্ষা আৰু নিয়োগৰ ক্ষেত্ৰত অসম তথা ভাৰতবৰ্ষৰ ভাষিক আৰু জাতীয় বৈচিত্র সুনিশ্চিত কৰা আৰু সন্মান জনোৱা এক ন্যায়সংগত ভাষা-নীতিৰ কাৰণে সংগ্ৰামী মঞ্চত থিয় দিবলৈ আমি বহুত্ব, বৈচিত্র আৰু ধৰ্মনিৰপেক্ষতাৰ আদৰ্শত বিশ্বাসী দেশৰ সমূহ গণতান্ত্ৰিক শক্তিৰ প্ৰতি আহ্বান জনাইছো।

দিশাংক গগৈ, বনজিৎ হুছেইন, বিশ্বজিৎ বৰা, ময়ুৰ চেতিয়া, সমুদ্ৰ শংখ গগৈ, ৰূপম সিন্ধু কলিতা
(“দিল্লী একচন কমিটি ফ’ৰ অসম”ৰ হৈ) ২৪ জুন ২০১৭

Add-2

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

Information

This entry was posted on June 25, 2017 by and tagged , , , , , , .
%d bloggers like this: